পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৫০)

অস্ত-গিৰিৰ  শিখৰতে
কোনে মেলাই চুলি-
  -মেঘৰ দোলাত দুলি,
বিদায় ললে ৰাঙলি কাৰ
পৰাণৰ পুতলি?
আকুলি-বিকুলি,-
বাৰিষাৰ গধূলি
লাজেৰে নো ৰেঙাই দিলে
সন্ধিয়াৰ পদুলি;
সোণাৱালি সোঁৱৰণে,
ধৰে আঁকোৱালি;—
লুইতৰ সুঁতি হল
তেজেৰে ৰাঙলি
বিদায়-পৰত অস্তাচলত-
কি জুই উঠিল জ্বলি?

জেঠ, ১৮৫৫শক]