পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৫১)

এই বাৰিষা দুপৰ নিশা
কোনে হুমুনীয়া কাঢ়ে-
দিগ-দিগন্ত আৱৰি কাৰ
লোতক জৰে ধৰাসাৰে?
বাষ্প-ব্যাকুল কজ্বল-আকাশ
বহু যুগৰ ৰুদ্ধ হুতাশ
গুমৰি উঠে ৰুদ্ৰ-ৰাগে
বহু আৱেগ প্ৰৱল বেগে
বহু ব্যথাৰ সজল মেঘে
অন্ধকাৰত গেৰি পাৰে।

শাওন, ১৮৫৮ শক]