পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৪৮)

 হেৰ মাজ নিশাৰ বৰাগী!
নিশা দুপৰত নিজম এন্ধাৰত
কি হাঁহাকাৰত উঠিলি জাগি!
আজিও পুৱাতে হেমী ঊষাই হাঁহে,
শাৰদী আকাশত চন্দ্ৰাৱলী ভাহে,
বসন্ত-কোঁৱৰ আহে যৌৱনৰ
উল্লাসে দিগন্ত ঢাকি।
পিয়াহত পৰি কান্দে চাতকিনী
পিওঁ পিওঁ কৰে সুৰ-মন্দাকিনী
জীৱনৰ মোহ যৌৱনৰ ভোগ
কতনা ৰইছে বাকী!
নিদিবি মোহৰ যৱনিকা ডাঙি
—আজিও সংসাৰ  আনন্দ-আগাৰ
নিদিবি ই সপোন ভাঙি।

শাওন, ১৮৩৭ শক ]