পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৪৬ )

মোৰে মন বলিয়া—
আকাশত মিলালি সুৰ,—
বতাহত বিলালি সুৰ, —মন বলিয়া!
হিয়াকণি বিলাই  দিলি অচিন দেশত
আৱেগে ৰেঙাই সুদূৰ!
ৰূপৰ তটিনীৰে  তিৰেবিৰনিতে
বান্ধি কি বিলাহৰ ভূৰ—
ঢউৰে সুৰ গাঁথি
নিৰলে মাজ ৰাতি
গীতেৰে ভহালি কূল, মন বলিয়া—
মোৰে অবুজ গীত!
তোৰেনো পোৰা চিত
কিহেদি পেলাবি জুৰ! মন বলিয়া,
কি আশা কৰিবি পূৰ?

মাঘ, ১৮৫৫ শক ]