পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৪২)

মন্দিৰে মোৰ
দীপাৱলী,
সহস্ৰ শিখা;-
আনন্দে নধৰে   আজি মধু নিশা
মলয়া চঞ্চল,
লীলায়িত অঞ্চল,
শিথিল কুন্তল,
বিহ্বল দেহা
উৎসৱ-আলোকিত  উজাগৰী দিশা,
দীপাৱলী নিশা!

ভাদ, ১৮৫১ শক]