পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৪১)

ওপছে পৰাণ-পাৰ
চকু চলে চল  হিয়া টলেমল
বিপুল বেদনাৰ-
দূৰ দূৰণিত  বাজে ৰিণিকি
নিগূঢ় মৰ্ম্মবাণী,
কোন জনমৰ প্ৰতিধ্বনি-
বিনাই ফুৰে কান্দি।
কুঞ্জত আজি জকেমকায়
সুগন্ধি ফুলৰ হাৰ;
উজলি পৰাণ-পাৰ।

ভাদ,-১৮৫১ শক]