পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৪৩)

তোমাৰে ফুলনিৰ  সুগন্ধি ফুলেৰে

গাথিলোঁ তোমাৰ বৰণ-মালা,—
লোৱা লোৱা প্ৰভু  সঁপিলো তোমাকে
হিয়াৰ সকলো জ্বালা;
তোমাৰ বীণাৰ  সুৰেদি ৰচিলোঁ
তোমাৰে গৌৰৱ-গান,
—দিলোঁ এই প্ৰতিদান
তোমাৰেই স্তুতি-মালা।
নিভৃত মোৰ  অজান কূলত-
গালা যি বাউলী গীত,
—চিত্ত কৰি পুলকিত,
(ই মাথো) তাৰে প্ৰতিধ্বনি;—অন্তৰ্ব্বাহিনী
গুপুত ফন্তু-ধাৰা।

কাতি, ১৮৪০ শক।