পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱধ্বনি

(৩৫)

চিৰ-তৰুণ জলধি-যাত্ৰী
বিৰাট শান্ত মূৰতি,
মোহন নিনাদে পুলক-বিষাদে
ভুৱন ভুলোৱা নিৰৱধি;
সজাই অনন্ত উৰ্ম্মি-বাহিনী
সোৱঁৰাই কত অতীত কাহিনী-
উথলে উজ্জ্বল হিয়া টলমল
আকাশী মন্ত্ৰ শৱদি;
নিৰন্তৰে হিয়া দিছা উদগাই,
অন্ততো কোলাত দিয়া যেন ঠাই
কৰা যেন জুৰ জীৱ তৃষাতুৰ,—
জনমে জনমে দগধি।

শাওণ, ১৮৩৭ শক ]