পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৩৪)

বিষাণ দৈ,  বিষাণদৈ
বিলাপৰ বোৱতী নৈ
হুৰাও-ৰাৱে যায় বৈ।
আজি নো পূৰ্ণিমাৰ
জোনা বাই হয় আঁৰ
মেঘেৰে বগী ডাঁৰ দি,
জনমৰ বেথা লৈ
দুখতে শেতা হৈ
আহিলে পৰ্ব্বতৰ জী।
জাৰণিৰ কলা বুকু,
জোনাকীৰ লুকাভাকু-
তৰা ফুলে তিৰ বিৰ কৈ,
এন্ধাৰৰ আৰোৱান লৈ
কান্দোনৰ ধল যায় বৈ—
বিষাণ দৈ।

বিষাণ দৈ—এখনি সৰু পৰ্ব্বতীয়া নৈ।

আহিন, ১৮৫০ শক ]