সমললৈ যাওক

পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৩৩)

সোৱণ-শিৰিৰ শুৱনি পাৰ
অন্ধকাৰ,  অন্ধকাৰ।
কোন সোনালী লুপ্ত-পুৰীৰ
ৰত্নময়ী বেলা-ভূমিৰ
বাউলী এই নিঃস্ব স্মৃতি,
গভীৰ নৈৰাশাৰ
—ঢৌৱে বুকু ভুকুৱাই
দিয়ে সমাচাৰ।
মেঘে ছাটে গহীন আকাশ,
শোকত বিনায় চেঁচা বতাহ,
ধাৰাসাৰে  চকু পানী
জৰে বাৰিষাৰ;—
অশ্ৰুমুখী  বসুন্ধৰী,
জীৰ্ণ-বীণা,  ছিন্ন জৰি,
দিগ দিগন্ত শোকাচ্ছন্ন,
মলিন সন্ধিয়াৰ।

বহাগ, ১৮৫১ শক ]