পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱধ্বনি

(২৫)

বজোৱা দুন্দুভি ৰণভেৰি
অকূল হৃদয়-সিন্ধু বেঢ়ি,—
কলকল-নাদে   বাদ-বিসম্বাদে
অনন্ত সুৰ-তৰঙ্গ মেলি।
—অনন্ত জীৱন যুদ্ধ খেলি
জগোৱা স্পৃহা, প্ৰাণৰ প্ৰয়াস,
পুলক হৰ্ষৰ নিবিড় উল্লাস,
নবীন ছন্দ,-জীৱন-স্পন্দ
গভীৰ মৰ্ম্ম-ভেদী;-
স্বাধীন-মুক্ত-প্ৰশান্ত-চিৰ-
বিপুল-সুন্দৰ-গম্ভীৰ-ধীৰ—
সচেতন চিত্ত উথলক নিত্য
অসীম ব্যোম ঘেৰি,
-অনন্ত জীৱন যুদ্ধ খেলি।

ফাগুন, ১৮৩৭ শক]