পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱধ্বনি

(২৬)

বাল্য কালৰ বন্ধু তুমি লৌহিত্য হে ব্ৰহ্মপুত,

—বাল্য-বন্ধু ব্ৰহ্মপুত!
গীতে তোমাৰ, নিত্য-নতুন,—চিত্ত কৰে অভিভূত।
সোণালী সেই সত্য যুগত
গাইছিলা গীত যিটি সুৰত—
আজিও শুনো তাৰেহে মাথোঁ প্ৰতিধ্বনি অদভূত।
ঢৌৱে ঢৌৱে আছে গঁথা
জন্মান্তৰৰ প্ৰাণৰ কথা,
আজিও সেই ছন্দ লহৰে, হিয়া মোৰ প্ৰেমাপ্লুত।
সেই জীৱনৰ বিপুল মন্ত্ৰ
ধ্বনিত মোৰ প্ৰতি ৰন্ধ্ৰ—
উতলে মোৰ শিৰে শিৰে সেই আৱেগৰ মুক্ত সোঁত।

ভাদ, ১৮৪৪ শক]