পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(২৪)

এ শিৱ-সুন্দৰ-সনাতন
মঙ্গলময় ভগৱান-
জগ-জন-তাৰণ-কাৰণ-নাৰায়ণ বিৰাট-বিপুল-মহীয়ান!
পাপ-তাপ-ক্লেশ নিপীড়িত বিশ্ব
কৰাল-কলি গৰাসে
সচকিত ভুৱন তিমিৰ নিমগন ভীষণ বিভীষিকা-তৰাসে;
বিদাৰি বজ্ৰে মোহ-নীহাৰিকা, আৱ গভীৰ গৰ্জ্জনে,-
প্ৰচণ্ড উল্কা বৰ্ষণে,-
ধুমকেতু দুৰ্য্যোগে প্ৰলয় উদ্যোগে
ভূমিকম্প প্লাৱনে,-
আৱ উদ্ধত  মহাকাল ভৈৰৱ
উম্মদ ঝঞ্চা-বিমানে।
(আৱ) ধূৰ্জ্জটি শূলধৰ প্ৰমত্ত নটৰাজ উত্তাল তাণ্ডৱ-নৰ্ত্তনে
অট্টহাঁস বিদ্ৰুপ-দৰ্শনে
বিপ্লৱ-বিষধৰ পীড়িত ভৱ-বিষ হৰণে-
নৱযুগ-বাহন  কল্কি-নাৰায়ণ,
-সাম্য সত্ত্ব বিধানে!

মাঘ, ১৮৫শক ]