সমললৈ যাওক

পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(২০)

চকু থাকি অন্ধ হলি-
সাত পুৰুষৰ গৃহস্থি তোৰ
পৰক গটাই বন্ধা গলি।
মাণিক সলাই  কাঁচ বাছিলি,
অমৃত পেলাই  বিহ সাঁচিলি,
কায়া এৰি ছাঁয়া খেদি
কৰিলি কি পুৰুষালি!
তোৰ, গাওঁ পথাৰে,  বনে ভৈয়ামে,
ভোগায় আনে  সুখ আয়মে;—
তই, ধুন-ধুপালি মাৰি ফিটাহি
মতা বোলাৱ ঘৰত আহি;
পৰ-চৰ্চ্চাত কৌতুহলী;-
আত্মঘাতীৰ ধৰ্ম্ম ললি!

আঘোন, ১৮৫৭ শক ]