পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(১৯)



তোৰে বুকুৰ জলা-জুইয়ে
ঘৰত লগায় জুই,
আজি দেশত লগায় জুই-
কোনটো সতে ৰবি থিৰে মৰাৰ দৰে শুই
চাৰিও ফালে খলক লাগে,
দেশে-বিদেশে সৱে জাগে,
লৰা-বুঢ়া জৰা-খঁৰা আহে বাহিৰ হই,—
তই নো ডেকা  কিয় কেঁকা’
যুৱন দেহা লই?
আগতে গাওঁ উজাৰ কৰে,-
চাই লাগিলি থৰ!
দলে বলে কামত ধৰ,
নিজে উধাৰ কৰ
(তোৰ) ঘৰ-ভেটী-ভূঁই।

ফাগুন, ১৮৫১ শক]