পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(১৮)

শুন বধিৰ,  গুৰু-গম্ভীৰ
 বাজে ৰুদ্ৰ-বীণ;
—ফাঁকি-ফাঁকটিৰ  ধূলি-মাকটিৰ
 উকলি গইছে দিন,
বিশ্ব পিতাৰ   প্ৰজা সবে,
 কেও নোহ নিঃকিন;
হলি দুখীয়া   চিৰ ঘুণীয়া
 আপোনাক গুণি হীন।
কৌটি কালৰ   মনৰ মামৰ
কুসংস্কাৰ   চাহী-ফাপৰ
তুৰন্তে তোৰ   কৰ আঁতৰ,
 নাৰাখিবি চিন;
জেং জাবৰি   থ আজুৰি,—
 নেলাগেনে ঘিণ?
অতনা কাল   ভুঞ্জি নিকাৰ
সুজিলি ঋণ   নিজ অজ্ঞতাৰ,—
বিচাৰ এৱে  নিজ অধিকাৰ,
 চিত্ত কৰ স্বাধীন;—
(তোৰ) বৰ্ণ নোহে জন্মগত,  বৰ্ণ কৰ্ম্মাধীন!

আহিন, ১৮৫৫ শক)