পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(১৭)

সমানে হ থিয়;—
অ দুখীয়া  গাঁৱলীয়া,
   মুখ লুকাৱ কিয়?
ঘৰে ঘৰে  উঠে উজাৰ
বহু যুগৰ  দুঃখ নিকাৰ,
   আটাহতে লক্ষ প্ৰজাৰ
   জাগি উঠিল জীৱ—
আসন টলিল  বিশ্ব পিতাৰ
   দীনৰ বন্ধু প্ৰিয়৷
জঠৰত যি কুৰা তোৰ জ্বলি আছে জুই
সেয়ে আজি বসুন্ধৰা মাৰে পুৰি ডেই,
মদ-গৰ্ব্বী  অৰ্থ-লোভীৰ
   কঁপাই দিছে হিয়া৷
 পিছত থকাৰ নহয় ই পৰ,
 বুজি ল তোৰ গাওঁ ভেটী ঘৰ;
 গুৰি বঠা নিজ সমাজৰ
   কিয় আনক দিয়?

পুহ, ১৮৫৫শক]