পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৫)

স্বাগত স্বাগত ভক্ত সমাগত সেৱক বৃন্দ সুধী!
ভৱিষ্য ভৰষা চেনেহী জননীৰ—স্বাগত জন-নিধি।

কিহেৰে যোগাম আজি জননীৰ পূজা, অতিথি সুধিম কিহেৰে?
জননীৰ অৰ্ঘ্যদান নয়নৰ নীৰে,
অতিথিৰ সেৱা মাথোঁ অতীত স্মৃতিৰে,
—ইযে হীন আয়োজন অযত্ন-বৰ্জ্জিত নিৰ্জ্জন লৌহিত্য-তীৰে।

আজিও তো ভেদি শত মৌন শতাব্দী উঠে তযু উল্লাস-গীত;
আজিও গগনে প্ৰভুৰ বাজে মহা শঙ্খ
জাগ্ৰত কৰি যত নাৰায়ণী সঙ্ঘ;
আজিও মলয় মৃদু স্বাধীনতা-গন্ধে দশোদিশে কৰে আমোদিত।

স্বাগত নৱৰবি,  স্বাগত নাৰায়ণ,  স্বাগত সত্য যুগ;
জগত জিলিকে জ্যোতি জ্বলন্ত সভ্যৰ
সচেতন শত কোটি সন্তান মৰ্ত্ত্যৰ!
অকলে তুমিনো কিয় অন্ধকূপত পৰি নিৰলে লুকাবা নত মুখ?

কিহেতু দোঁৱাই শিৰ, কি দুখ নিৰাশাত, কিহৰ কৰিবা অভিমান?
মিলিছেহি সৱে চোৱা আপোন পাহৰি,
ভায়ে ভায়ে কোলাকুলি চেনেহে সাদৰি।
—জয় জয় জগদীশ, মঙ্গলময়, তযু ইচ্ছা পূৰ হ’ক ভগৱান।

আহিন, ১৮৪৮ শক ]