পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(8)

নমো, কামৰূপা অসমা
নীল-শৈল-শিখৰিনী,
সজল-কজ্জল-কুন্তলা,
গিৰি-গৌৰৱ-গৰৱিনী,
লীলায়িত-শ্যাম-অঞ্চলা।

প্ৰথম প্ৰভাত-প্ৰতিপন্না,
বসন্ত-গীতি-গন্ধা,
তীৰ্থ-ৰাজ-দ্বাৰ-পালিতা,
মুনি-মহাতপ-বন্দ্যা,
নিন্দি ইন্দ্ৰ-নন্দন  মোক্ষ-মুক্তি-পন্থা।

লৌহিত্য-পূত-সলিলা,
কৌটি-নিৰ্ঝৰ-ঝঙ্কৃতা,
নিষ্কলঙ্ক-শত-শতাব্দীৰ
শৌৰ্য্য-সুযশ-মণ্ডিতা
অনন্ত-ৰত্ন-সম্ভৱা
কৰুণাকুল-বেদনা,
হৰ্ষ-পুলক উৎস
চিৰ উজ্জ্বল প্ৰাণ-প্ৰেৰণা—
স্বপ্নালোক-জাগ্ৰতা  মূৰ্ত্তিমতী কল্পনা!

আঘোন, ১৮৫৭ শক ]