পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৩)

সাদৰোঁ সমবেত সেৱক শুভাগত
সম্ভাষো নয়নৰ নীৰে
শুনা শুনা জন-গণ-নায়ক মহামতি!
পৱিত্ৰ লৌহিত্য তীৰে,—

আদৰিছে উজনিত সীমান্ত কুণ্ডিলে ৰূক্মিণীৰ ৰূপ-জেউতি
ভাটিত আদৰে “নৰ”-“চিলাৰ” কীৰিতি-শেষে
কৰতল-কুঞ্চিত কোছৰ বিহাৰ দেশে
শোণিতৰ ফুলনিৰ চঞ্চল গুঞ্জনে, ‘উষাৰ’ সমীৰণে উটি।

সতীৰ হিয়াৰ তেজে জয়দ’ল ৰং-পুৰ
জেৰেঙাৰ ভগা বুকু ৰাঁজি
জিলিকে মলিন জ্যোতি ভাগ্যহীন সৌমাৰৰ
অস্তমিত যশৰবি স্বাধীনতা গৌৰৱৰ
ৰিণি ৰিণি মৃদুসুৰে অতীতৰ মধুপুৰে ৰুদ্ৰ ৰাগিণী উঠে বাজি
—“ৰুদ্ৰ”-বাহিনী ৰণে সাজি

ভগদত্ত ভাস্কৰ দুৰ্জ্জয় নৰকৰ অমৰ গৰিমা পৰকাশি
শিখৰৰ শিৰে শিৰে মহিমাৰ ধ্বজা লৈ
কত শত শতিকাৰ নিগূঢ় বাতৰি কৈ
সম্ভাষে আজি সৱে লুইতৰ কলৰৱে প্ৰাগজ্যোতিষৰ পাৰত আহি।

পুহ, ১৮৪৬ শক ]