পৃষ্ঠা:দেৱজিত.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
দেৱজিত।

হৰে যে বোলন্ত পাছে অৰ্জ্জুনক চাই।
তোমা সম বীৰ বাপ একো খানে নাই॥১০৯৭
নৰৰূপে পাণ্ডু বংশে ভৈলা অৱতাৰ।
দুৰ্জ্জন জনক বাপ কৰিলা সংহাৰ॥
নৰ নাৰায়ণ দুয়ো একে স্বৰূপত।
কতেক বৰ্ণাইবো গুণ তোহোৰ মহত॥১০৯৮
এহি বুলি হৰে পাছে চুম্বন কৰিলা।
জয় জয় কৰি ব্ৰহ্মা বচনে পূজিলা॥
পাছে ধনঞ্জয় বীৰে ইন্দ্ৰক নমিলা।
হেন দেখি ইন্দ্ৰ দেৱে সাবতি ধৰিলা॥১০৯৯
উঠ উঠ পুত্ৰ তই বীৰ ধনঞ্জয়।
তোহোৰ সমৰে বাপ মই ভৈলোঁ ভয়॥
তোহোৰ সমান বীৰ ত্ৰিভুবনে নাই।
এহি বুলি হুম হুমি কান্দে হৰিহয়॥১১০০
দেখি অৰ্জ্জুনৰ পাছে দ্ৰবিল হৃদয়।
চৰণত পৰি কান্দে বীৰ ধনঞ্জয়॥
অৰ্জ্জুনে বোলন্ত পিতৃ হুয়ো শান্তমন।
তোমাৰ বীৰতু খণ্ডিলন্ত নাৰায়ণ॥১১০১
কৈত শুনি আছা বাপে পোৱে কৰে ৰণ।
ঈশ্বৰে কৰাইলা পিতৃ নকৰা বিমন॥
তোমাৰ বিমনে পিতৃ মোৰ দহে প্ৰাণ।
কি কাৰণে কৰা পিতৃ দুখ অকাৰণ॥১১০২