পৃষ্ঠা:দেৱজিত.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
দেৱজিত।

এহি বুলি প্ৰণামিয়া বীৰ পাণ্ডু সুত।
ডেৱ দিয়া ৰথত চৰিলা অতি দ্যুত॥
মাধৱে বোলন্ত শুনিয়োক দেৱগণ।
সুখে থাকিয়োক সবে স্বৰ্গৰ ভুবন॥১১০৩
পৃথিবী ভুবনে হেৰা চলি যাওঁ মই।
নিজ নিজ জানে চৰি যাও দেৱচয়॥
এহি বুলি প্ৰভু দেৱ পূৰ্ণ ব্ৰহ্ম হৰি।
ঘোৰাত দিলেক পাছে চাবুকৰ বাৰি॥১১০৪
আকাশক সঞ্চাৰি মাধৱে ডাকে ৰথ।
শীঘ্ৰ বেগে পাইলা যাই মাৰুতৰ পথ॥
অধোমুখ কৰি পাছে ৰথ ডাকে হৰি।
বিদ্যুত সঞ্চাৰে আইলা পৃথিবী নগৰি॥১১০৫
মনোজয় বেগে ৰথ ডাকে দামোদৰ।
সাগৰৰ জল ভেদি চলে ৰথ বৰ॥
সাগৰৰ আগে হৰি ভৈলা উপসন্ন।
সাগৰে পূজিলা দেখি কৃষ্ণৰ চৰণ॥১১০৬
মাধৱ বদতি অবা শুনিয়ো সাগৰ।
ইন্দ্ৰক জিনিয়া ভাৰ্য্যা আনিছোঁ তোমাৰ॥
ৰথৰ নমাই কন্যা দিলা সাগৰক।
আথে বেথে সাবতিয়া ধৰিলা কন্যাক॥১১০৭
ৰূপান্দ্ৰীক পাই সাগৰৰ ৰঙ্গ ভৈলা।
কাউ বাউ কৰি ভিতৰক লাগি নিলা॥
কন্যা অভ্যন্তৰে থই শীঘ্ৰ বেগে আইলা।
কৃষ্ণৰ চৰণে আসি প্ৰণাম কৰিলা॥১১০৮
মোক প্ৰভু ভাৰ্য্যা দিয়া কিনিলা ইবাৰ।
কোটি কোটি জন্মে নৰো সুজিবাক ধাৰ॥