পৃষ্ঠা:দেৱজিত.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
দেৱজিত।

সাগৰৰ ভাৰ্য্যা তই আনি আছা হৰি।
সাগৰক দিবে আছোঁ অঙ্গীকাৰ কৰি॥
এহিক্ষণে শীঘ্ৰে আনি দিয়ো পুৰন্দৰ।
সাগৰক দেওঁ অঙ্গীকাৰ ৰাখি মোৰ॥১০৯২
এহি বুলি মাধৱে যে ৰথ মাজে বসি।
প্ৰকাশ কৰয় যেন পূৰ্ণিমাৰ শশী॥
মাধৱৰ বচনে যে ইন্দ্ৰ চলি গৈলা।
ৰূপান্দ্ৰী কন্যাক ডৰ ডৰি আনি দিলা॥১০৯৩
ইন্দ্ৰে নিয়া দিলে কন্যা কৃষ্ণৰ আগত।
বাম হাতে ধৰি হৰি তুলিলা ৰথত॥
ৰূপান্দ্ৰী কন্যাক ৰথে তুলি নাৰায়ণ।
ব্ৰহ্মাক সম্বুধি হৰি বুলিলা বচন॥১০৯৪
মাধৱে বোলন্ত শুনা দেৱ সৃষ্টি কৰ।
মোহোৰ বচন শুনা দেৱ পুৰন্দৰ॥
বৈকুণ্ঠক যান্তে মই দেৱ নিৰন্তৰ।
আগবাঢ়ি ৰৈবা আসি গগন ভিতৰ॥১০৯৫
ব্ৰহ্মা বিষ্ণু মহাদেৱ নমি ধনঞ্জয়।
হৰত মাগয় দোষ পাণ্ডুৰ তনয়॥
ইপাকৰ দোষ প্ৰভু ক্ষমা কৰা মোৰ।
তোমাৰ পালন পুত্ৰ দাস সমসৰ॥১০৯৬
সেহি বেলা হৰ পাছে সজল নয়ন।
অৰ্জ্জুনক সাবতি ধৰিলা ত্ৰিনয়ন॥