( ৩৬ )
আৰে বন্ধু জন শুনা পাতিয়া শ্ৰৱণ।
ব্ৰহ্মাৰ আগত কৈলা হংস নাৰায়ণ॥ ৩৪৫
তাহাক কহন্ত হৰে গৌৰীৰ আগত।
চাৰিয়ো কালৰ কথা কহিলা সমস্ত॥ ৩৪৬
কলিত হৈবেক যেন পাষণ্ড আচাৰ।
পাষণ্ড আগমে লোক হৈবে একাকাৰ॥ ৩৪৭
যেন মতে অনৰ্থ কৰিবে পাপী কলি।
ধৰ্ম্মতো কৰিয়া মহাপাপ হৈবে বলি॥ ৩৪৮
হৈবেক পাষণ্ড লোক কলিৰ কালত।
বোলে প্ৰজাপতি আক শুনিও সমস্ত॥ ৩৪৯
শুনি সকলক ব্ৰহ্মা যি বাক্য বুলিলা।
পাৰ্ব্বতীৰ আগে হৰে সমস্তে কহিলা॥ ৩৫০
শুনা মহাজন সবে পৰম গহণ।
হংস কাকী নাম শাস্ত্ৰ ব্ৰহ্মাৰ বচন॥ ৩৫১
যাতো হংস নাৰায়ণে ব্ৰহ্মাত কহিলা।
এতেকে ইহাৰ নাম হংসকাকী থৈলা॥ ৩৫২
বত্ৰিশ হাজাৰ আৰ শ্লোক ৰুচিকৰ।
শুনিলে মাত্ৰকে শ্ৰুতি হৰে পণ্ডিতৰ॥ ৩৫৩
সবে শাস্ত্ৰ বিচাৰি ইহাতে লাগ পাই।
চাৰিয়ো কালৰ ধৰ্ম্ম আছে সমুদাই॥ ৩৫৪
এতেকে ইহাৰ আমি কিছো মান চাই।
মতি অনুসাৰে আক দেখিলো বুজাই॥ ৩৫৫
একৈক শ্লোকৰ অৰ্থ গমিতে নপাৰি।
তথাপি ৰচিলো গুৰু আজ্ঞাক আচাৰি॥ ৩৫৬