পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা


বাৰ জন ভক্ত সমে শুনা সাবধানে।
গোপ্য কথা কহো মই শুনিয়ো শ্ৰবণে॥
ৰামানন্দ আতা জানা আৰু আতা হৰি।
ৰঘুনাথ আৰু মনু আতা আদি কৰি॥
জগন্নাথ আতা জয় আতা ৰাম দাস।
বিষ্ণুদাস আদি আতা জানিবা নিশেষ॥
বেদানন্দ আতা আৰু আতা কৃষ্ণনন্দ।
মধু আতা সমে মিলি কৰয় আনন্দ॥
পৰমানন্দ আতা তোৰা শুনিবা নিশ্চয়।
তোৰা সম বান্ধব আমাৰ কোন নাই॥
কহিবোহো কথা মই শুনা ৰামৰায়।
বিশ্বাষৰ কথা মই কহিব বুজাই॥
এহি বলি দামোদৰে কহিবাক লৈলা।
শঙ্কৰ মাধব আসি উপস্থিত ভৈলা॥
অনেক আশ্বাষ কৰি আসনক দিলা।
ৰঙ্গ মনে দুয়ো জনে আসনে বসিলা॥
সেহি বেলা ৰামৰায় আগে স্থিতি ভৈলা।
কৃতাঞ্জলি কৰি পাচে প্ৰণাম কৰিলা॥
আঠু কাঢ়ি ৰামৰায় কৰে দণ্ডবত।
কান্দিয়া কান্দিয়া কহে দুহানো আগত॥
মোত পৰ সংসাৰত অভাগীয়া নাই।
গঙ্গাত স্নানিতে গৈলে গঙ্গায়ো শুকাই॥
হেন শুনি মাধবে যে বুলিলা বচন।
গঙ্গাত স্নানিতে গৈলে শুকাই কি কাৰণ॥