পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা


কল্পতৰু বৃক্ষ যেন সবাতে সমান।
মাগন্ত জনক মাত্ৰ কৰে ফল দান॥
নামাগিলে কদাচিতো যাচি নেদে গছে।
হেনয় বৃক্ষক কোনে বিশ্বায় কৰি আছে॥
শঙ্কৰে বোলন্ত আবে শুনিয়ো গোসাই।
শোধন্ত জনক কথা কহিবে লাগয়॥
নকহিলে পাপ হয় সৰ্ব্বলোকে কয়।
প্ৰাৰ্থন্ত জনক কথা কহিবে লাগয়॥
ভাৰতবৰিষে কথা আছে যত যত।
সবাকো কহিব মই তুমাৰ আগত॥
তোমাৰ আমাৰ কিছো ভিন্ন ভাব নাই।
গোপ্য কথা নাৰাখিয়া কহিব বুজাই॥
সবাৰো আগত কহে দামোদৰ দেৱে।
প্ৰথমতে চৈতন্যক কৰিলন্ত সেৱে॥
তেওঁ যত কহিয়াছে মোক সমুদয়।
সবাকো কহিব আজি তোমাত বুজাই॥
তাহাক প্ৰণামি কহো তাহাৰ সন্মত।
প্ৰথমতে কহো পূণ্য ভৈলা কেন মত॥
নাই জল নাই থল নাহিকে আকাশ।
নাই দিন নাই ৰাতি অগ্নিৰ প্ৰকাশ॥
চন্দ্ৰ সূৰ্য্য নাই আৰু নাই দিশ পাশ।
তাতে আসি মহাপ্ৰভু ভৈলন্ত উদাশ॥
শূণ্যে শূণ্যে আসিলন্ত শূণ্যে অনুপম।
কিবা শূণ্যে আসিলা নাহি তাৰ নাম॥