পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা।


বিশ্বাষৰ কথা শুধিলন্ত ৰামৰাই।
যাৰ জন বৈষ্ণব যে বসি এক ঠাই॥
হে প্ৰভু দামোদৰ দেৱৰ আদি দেৱ।
ইহ পৰলোকে তুমি বিনে নাহি কেৱ॥
তুমি সে সুহৃদ বন্ধু তুমি মোৰ প্ৰাণ।
তোমাত পৰে সে বন্ধু মোৰ নাই আন॥
গোপ্য কথা প্ৰভু মই শুধিবাক চাওঁ।
তযু চৰণৰ যেন অনুগ্ৰহ পাওঁ॥
দামোদৰে বোলে আবে শুনা ৰামৰায়।
শুধা তুমি গোপ্য কথা কহিবোহো মই॥
শুধিলাহা ৰামৰায় পৰি দণ্ডৱতে।
কহিয়োক প্ৰভু পুণ্য ভৈলা কেন মতে॥
কৈৰ হন্তে আসি সিটো পূণ্য নাম ভৈলা।
কেন মতে প্ৰভু ইটো জগত ব্যাপিলা॥
বাৰ যুগ আসি আৰু হৈলা কেন মতে।
কহিয়োক প্ৰভু মই শুনিব সততে॥
তোমাৰ আগত শুধিবাক লাগে ভয়।
কহিয়োক বাৰ যুগ কাকনো বোলয়॥
বাৰ গোট যুগ প্ৰভু হৈছে কোনে কোনো
ভাগে ভাগে কহিয়োক শুনু সাবধানে॥
চৈদ্ধ খন ব্ৰহ্মাণ্ড স্ৰজিলা কেন কৰি।
তলাতল কেন মতে ধৰিলন্ত হৰি॥
দামোদৰে বোলে শুনিয়োক ৰামৰায়
তুমি বিনে আমাৰ বান্ধব আন নাই॥