পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
দামোদৰ ব্যাখ্যা।


মেৰুৰ চৌদিকে চাৰি বৃক্ষ অনুপম।
ভিন্নে ভিম্নে কহো শুনা আবে তাৰ নাম॥
সুপশ্যাক শোভা কৰে কদম্বৰ গাছে।
কুমুদ গিৰিত এক বট বৃক্ষ আছে॥
মন্দাৰৰ ওপৰে বৃক্ষ আছে এক আম।
মেৰু মন্দৰত আছে বৃক্ষ এক জাম॥
আপুনি সে মেৰুৰূপে পূণ্য আছে ধৰি।
পৰ্ব্বতত আছে পূণ্য বৃক্ষ মায়া কৰি॥
আপুনি যে পূণ্য চাৰি পৰ্ব্বত ভৈলন্ত।
সবাৰ ওপৰে সঙ্গ কৰিয়া আচন্ত॥
ধৰ্ম্মে আৰু চাৰিয়ে দুই চয় যে তহিত।
ছয় জনে সঙ্গ কৰি আচন্ত তহিত॥
আৰু ভাগ কহো শুনিয়োক মহাশয়।
একান্ত ভকত মেৰু জানিবা নিশ্চয়॥
পৰ্ব্বত কেবাল আৰু জানিবাহা তুমি।
চাৰি দিকে বিৰাল ভক্ত জানিবা আপুনি॥
আৰু কথা দামোদৰে কহিবাক লৈলা।
শুক্ল মুল ধাৰায়ে তেলৰ গছ ভৈলা॥
পূণ্যৰ সে জন্ম যিটো কৃষ্ণ অবতাৰ।
তেহো৷ জাঠি হুয়া আছে জানা সাৰে সাৰ॥
যেনি হৈছে পটা খন জানিবা নিশ্চয়।
পটাৰ মাজত জানা শুক্ল ৰস বয়॥
মূলৰ বান্দাৰা গোট ধৰ্ম্মে সে জানিবা।
জৰিগছ কৃষ্ণ নামে বিচাৰিলে পাবা॥