পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দামোদৰ ব্যাখ্যা


অনন্তৰ উশৃত হাজাৰ যে যোজন।
ভাগ ভাগ কৰি কহো কৰ্ণ পাতি শুন॥
আৰু দশ হাজাৰ যে পৰ্ব্বত দ্বিগজে।
সবাকে ভেদিয়া মেৰু গৈছে পিঠি ভাগে॥
হেন শুনি শঙ্কৰে কৰিলা প্ৰণিপাত।
যতেক শুধিলো মানে কহিলা আমাক॥
ব্ৰহ্মাণ্ডৰ উশৃত কতনে৷ তাক কৈয়ো।
ভাগে ভাগে শুনিবোহো আমাক কহিয়ো॥
দামোদৰে বোলে বন্ধু শুনিয়ো শঙ্কৰ।
কতেক উশৃত সিটো কহো ব্ৰহ্মাণ্ডৰ॥
একে একে ব্ৰহ্মাণ্ড যে তিনিয়ে হাজাৰ।
পৰ্ব্বতৰ সীমা দণ্ড কি কহিব আৰ॥
সাতখন ব্ৰহ্মাণ্ড যে একৈশ হাজাৰ।
সাত লক্ষ পৰ্ব্বতৰ সীমা দণ্ড তাৰ॥
এহি সব ভেদি মেৰু ওপৰে উধাইছে।
সপ্ত যে পাতাল ভেদি পিঠি ভাগে ৰৈছে॥
ভাৰতৰ সীমাৰ কহিলো এহি নাম।
সাত স্বৰ্গ উশৃত শুনিয়ো অনুপম॥
তিনিশ হাজাৰ আঠ লক্ষ আছে যুবি।
পোন্ধৰ হাজাৰ পোতা গৈয়া আছে গুৰি॥
মেণ্ডুকিক আদি কৰি ওপৰে লেখিবা।
পদ্ম পানী আদি কৰি তলত বুজিবা॥
আৰু কথা কহো শুনিয়োক ৰামৰায়।
মেৰুৰ চৌদিকে চাৰি পৰ্ব্বত আচয়॥