পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
দামোদৰ ব্যাখ্যা


কৃষ্ণ অণ্ডকোষে শিলা জানিবা নিশ্চয়।
ধৰ্ম্মেসে জুৱলি তাৰ চেদিলো সংশয়॥
সূৰ্য্যৰ ৰথত যেন বান্ধিছে জুৱলি।
সৃষ্টি নষ্ট হবে সেই জৰি যে চিঙ্গিলি॥
দিনৰ চাৰি পৰ আৰু ৰাতিৰ চাৰি পৰে।
এহি মতে সূৰ্য্যে মেৰু প্ৰদক্ষিণ কৰে॥
জাঠি মূৰে মহাৰস বহে এক ধাৰে।
পৃথিবীক ধাকি জল ৰস বৃষ্টি কৰে॥
পূবৰ যে বৃষ্টি ধাৰা যোনিয়ে বহয়।
পশ্চিম দিশৰ ধাৰা যৈনি নিধি স্তর॥
উত্তৰ ধাৰায় যৌনি বহে নিৰন্তৰে।
দক্ষিণ ধাৰায় দিশত বৃষ্টি কৰে॥
ভাগ ভাগ কৰি কহো বৰিষ নর খন।
মাজে মাজে আছে আঠ পৰ্ব্বত সিখন॥
হেমৱন্ত মনিকূট নিষধ দক্ষিণে।
নীল শ্বেত শৃঙ্গ আঠ ওপৰত ভিন্নে॥
পূবে গন্ধমাদন পশ্চিমে মাল্যবন্ত।
তোমাৰ আগত মই কহিলো সমস্ত॥
আৰু ভাগ কহো শুনিয়োক ৰামৰায়।
জীবৰ উশৃত মই কহিব নিশ্চয়॥
দ্বাদশ হাজাৰ ওপৰক আছে উৰি।
দীৰ্ঘে প্ৰস্থে সাগৰে পশ্চিমে আছে জুৰি॥
হেন শুনি ৰামৰায় কৰিলা প্ৰণাম।
আঠ পৰ্ব্বতৰ আঠ শুনিলোহো নাম॥