পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা।


তাহাৰ ওপৰে ৰসাতল যে থাপিলা।
দৈত্যেশ্বৰ ৰূপে পুণঃ তাহাতে থাকিলা॥
তাৰ আঠ দিশে আঠ পৰ্ব্বত ৰহিলা।
একে পুণঃ বৃক্ষ আঠ দিশত থাকিলা॥
ৰসাতলে দৈত্যশ্বৰ পৰ্ব্বতে সঙ্গি ভৈলা।
বিশ্বময় চাৰিয়া তহিতে নিজে ৰৈলা॥
তাহাৰ ওপৰে পাচে অটল বসালা।
তাৰ আঠ দিশে পৰ্ব্বত থাপি থৈলা॥
ময়দানবৰ ৰূপ পুণঃ যেবে ভৈলা।
আঠ গোট নাম পুণঃ তথাতে ধৰিলা॥
অতলত দানব যে পৰ্ব্বত সহিতে।
তিনি জনে সঙ্গি কৰি ৰহিলা তহিতে॥
তাহাৰ ওপৰে যেবে বিতল থাপিলা।
তাৰ আঠ দিশে আঠ পৰ্ব্বত বসাইলা॥
মহেশ্বৰ ৰূপে পূণ্য যেবে আছে ধৰি।
তাহাৰ ওপৰে লৈলা মহা লীলা কৰি॥
বিতল পৰ্ব্বত মহাদেব সমে পাচে।
তিনি জনে সঙ্গে কৰি পূণ্য ৰহি আছে॥
তাহাৰ ওপৰে যেবে সুতল বসালা।
তাৰ আঠ দিকে আঠ পৰ্ব্বত থাপিলা॥
বলি বিষ্ণু সুতল সহিতে সঙ্গি কৰি।
একে পূণ্য তিনি চুকে আছে লীলা কৰি॥
তাহাৰ ওপৰে যেবে পাতাল থাপিলা।
বাসুকী স্বৰূপে পূণ্য আবৰিয়া ৰৈলা॥