পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
দামোদৰ ব্যাখ্যা


পদ।

সেহি বেলা ৰামৰায় পুচিলা দুনাই।
নিবিৰ কীৰ্ত্তন খন কহিলা বুজাই॥
আবে শুনো কহো সৃষ্টি সম্প্ৰদায় কথা।
আদি পূণ্য কহিলন্ত যেহেন ব্যৱস্থা॥
চৈদ্ধ খন ব্ৰহ্মাও সাজিলা কেন কৰি।
চাৰি কোন কেন মতে ধৰিলন্ত হৰি॥
হেন শুনি দামোদৰে দুনাই কহিলা।
শুনা চৈদ্ধ সম্প্ৰদায় যেন মতে ভৈলা॥
আপোনাৰ চৰণক ব্ৰহ্মাণ্ড কৰিলা।
বিশ্বকৰ্ম্মা ৰূপে পূণ্য তাহাত ধৰিলা॥
পাচে জানা নিজে সিটো অষ্ট মূৰ্ত্তি ভৈলা।
পৰ্ব্বত স্বৰূপে আঠ দিশত ৰহিলা॥
লক্ষেক উদ্ধত যে পৰ্ব্বত এক ভৈলা।
এতেকে ব্ৰহ্মাণ্ড ভিন্ন ভিন্ন নাম থৈলা॥
বিশ্বকৰ্ম্মে পৰ্ব্বত যে ব্ৰহ্মাণ্ড সহিতে।
তিনি জনে সঙ্গি কৰি ৰহিলা তহিতে॥
তাহাৰ ওপৰে মহাতল যে থাপিলা।
তক্ষক স্বৰূপে জানা আপনি ৰহিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
আঠ ৰূপে আঠ নাম একে জনে ভৈলা॥
পৰ্ব্বতে তক্ষকে মহাতল যে লোকত।
তিনি জনে সঙ্গি কৰি ৰহিলা তথাত॥