পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দামোদৰ ব্যাখ্যা।


অহঙ্কাৰৰ সঙ্গি ৰুদ্ৰ, চিত্তৰ সঙ্গি বাসুদেব, প্ৰকৃতি, মহাতত্ব দুই সঙ্গি। নিবিৰ সেৱাৰ দৈব কহো শুনা, প্ৰকৃতি, প্ৰসাদ, মহাতত্ত্ব, লিপন, চক্ষুই গাছা, আদিত্যে বাতি, ককনে আসন, কুমাৰে চন্দন, বাক্যে কৰন্দি, হুতাশনে পুষ্প, চৰণে কৰণ্ডি, বায়ুৱে প্ৰাণ, জিভায়ে কৰন্দি, বৰুণে চূণ, হস্তে কৰণ্ডি, ইন্দ্ৰে থগি, বিষ্ণুয়ে প্ৰসাদ, গুহ্যে আসন, অমৃতে কল, লিঙ্গে থগি, প্ৰজাপতিয়ে লোণ, আদা গাজি এহি মতে থাপি চিন্তিবা ইহাকে নিবিৰ পূজা বোলে। পাঞ্চতত্ব একে পোনে দুই জনিয়া, তিনিয়ো সঙ্গ কৰি আছে। দশ ইন্দ্ৰিয়ৰ সঙ্গ কহো, একে আদিত্য, বাতি তেল পলিতা, অগ্নিয়ে বাৰনি বাৰি গাছা। পূণ্যে হইছে আৰু ছয় জনীয়া একে সঙ্গি, আসন, ধূপ, অগ্নি এই তিনি জনে সঙ্গি, আসনে চন্দনে সঙ্গি, কৰণ্ডি পুষ্পে সঙ্গি, পানে চূণে সঙ্গি, গুৱা, পান, চূণ, এই তিন জনে সঙ্গি, মৃত্যু- কালে একে লগে প্ৰাণ ত্যাগ কৰে ইয়াকে প্ৰাণ সঙ্গি বোলে। থগি আৰু প্ৰসাদ দুই সঙ্গি, কল, থগি, আদা, লোণ, গাজি, উপাশা এই ছয় জনে সঙ্গি। পাঞ্চতত্বৰ আসন কহো; ৰূপ বহিছে ৰক্ত সাক্ষিৰ মাজে; ৰস বহিছে সংখ্যা ভৰিৰ নাৰিৰ মাজে; শব্দ বহিছে ইঙ্গুলা, পিঙ্গুলা নাৰিৰ মাজে; বিন্দু বহিছে হেঠ কমলা নাৰিৰ মাজে; ৰস বহিছে সৰ্ব্বাঙ্গতে আছে; এই স্বৰূপে পূণ্য পাঞ্চ আসনত মূৰ্ত্তি ৰূপে আছে। পাঞ্চভূতৰ আসন কহো, আকাশ বহিছে নাভি পদ্মত, বায়ু বহিছে চন্দ্ৰ মণ্ডলত, অগ্নি বহিছে কুণ্ডলনি নাৰিৰ মাজে, পৃথিবী বহিছে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত, এই পাঞ্চভূত পাঞ্চ আসন এই বিলাক মূৰ্ত্তিস্বৰূপ জানিবা।