পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
দামোদৰ ব্যাখ্যা।


কথা।

 আকাশ শবদ, বায়ুৰ পৰশ, অগ্নিৰ রূপ, জলৰ ৰস, পৃথিবীৰ গণ, এহি পাঞ্চ ভূত। ক্ষিতি, অপ, তৈজ, বায়ু, আকাশ, এই পাঞ্চ তত্ত্ব। ভগ, চক্ষু, সুত, নাশা, জিভা, বাক, পাণী, পাদ, পদ্ম, উপস্থা, এহি দশ ইন্দ্ৰিয়। ইহাৰ অধিকাৰী কহো, দুকৰ বায়ু, চক্ষুই আদিত্য, শ্ৰোতয় দিশ, নাশিকায় কুমাৰ, জিভায় বৰুণ, বাক্যৰ হুতাশন, পাণীৰ ইন্দ্ৰিয়, পদৰ বিষ্ণু, পাৱৰ মিত্ৰ, উপস্থৰ প্ৰজাপতি, এহি দশ ইন্দ্ৰিয়ৰ দশ অধিকাৰী। আৰু এক মনে চাৰি ৰূপ নৱনন্দ, ভবনন্দ, চিত্ৰকেতু, নিৰঞ্জন, চিত্তে নিৰঞ্জন, অহঙ্কাৰ চিত্ৰকেতু, মনে নৱনন্দ, বুদ্ধিয়ে ভবনন্দ, এহি চাৰিৰ অধিকাৰী কহো শুনা, মনৰ চন্দ্ৰ, বুদ্ধিৰ ব্ৰহ্ম, অহঙ্কাৰৰ ৰুদ্ৰ, চিত্তৰ বাসুদেব, দশ ইন্দ্ৰিয়ৰ দশ অধিকাৰী * ইহাকে চৈদ্ধ সাক্ষি বোলে, প্ৰকৃতি, মহাতত্ত্ব এহি সমে ষোড়শ জানিবা পাঞ্চভূত পাঞ্চতত্ত্ব; দশ ইন্দ্ৰিয়ৰ চাৰি মন; এহি চব্বিশ তত্ত্ব; ইহাৰ সঙ্গি কহো শুনা, ৰূপে বিন্দুই সঙ্গি, পৰশে, শবদে, মৈত্ৰয়ে তিনি সঙ্গি। আকাশ বায়ু, পৃথিবী তিনিয়ো সঙ্গি। অগ্নি, গন্ধ দুই সঙ্গি। চক্ষুয়ে, কৰ্ণে কৰ্ণে, নাশারে নাশায়ে, বাক্যে বাক্যে, চৰ্থে চৰ্থে, জিভায়ে জিভায়ে, হস্তে হস্তে, পদে পদে, গুহ্যে গুহ্যে, লিঙ্গে এই দশ চাৰিৰ সঙ্গি। দেবসমে ভিতৰৰ সঙ্গি কহো শুনা, চক্ষুয়ে আদিত্যে, কৰ্ণে দিশে সঙ্গি, নাশায়ে কুমাৰে সঙ্গি, বাক্য হুতাশনে সঙ্গি, শ্ৰমে বায়ুয়ে সঙ্গি, জিভায়ে বৰুণে সঙ্গি, হস্তে ইন্দ্ৰে সঙ্গি, পদে বিষ্ণুই সঙ্গি, গুহ্যে মৈত্ৰয়ে সঙ্গি, লিঙ্গে প্ৰজাপতি সঙ্গি। চাৰি মনৰ সঙ্গি কহো শুনা, মনৰ সঙ্গি চন্দ্ৰ, বুদ্ধিৰ সঙ্গি ব্ৰহ্মা,