পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা


তাহাৰ ওপৰে সৰ্পৰূপ বসাইলা।
তাৰ ওপৰত প্ৰভু অনন্ত যে ৰৈলা॥
তাৰ যে সহস্ৰ ফেনা ঝাতিষ্কাৰ ভৈলা।
তাৰ আঠ ফেনা আঠ দিশে বহি গৈলা॥
অনন্তৰ ওপৰত দিগজ বসালা।
দিগজৰ ওপৰত পৰ্ব্বত থাপিলা॥
পৰ্ব্বতৰ ওপৰত থাপিলন্ত মহী।
যেন চাং খন আছে ওপৰত ৰহি॥
হেন শুনি ৰামৰায় যুৰি যোৰ হাত।
কোনে ভৈলা পাঞ্চ তত কহিয়ো আমাত॥
কোনে ভৈলা তিনি গুণ কহা ভাগ কৰি।
নমস্কাৰ কৰো প্ৰভো চৰণত ধৰি॥
মেণ্ডুকি কশ্যপ শয্যা দিগজ পৰ্ব্বত।
কোনে কোনে ভৈলা আসি কহিয়ো আমাত॥
দামোদৰ বদতি শুনিয়ো ৰামৰায়।
পাঞ্চতত্ব পাঞ্চভূত কহিব বুজাই॥
পাঞ্চতত্ত্ব নিৰঞ্জনে কৰিলা স্ৰজন।
ৰূপৰস গন্ধৰস শব্দৰ কাৰণ॥
হেন শুনি ৰামৰায় মুণ্ড তুলি মাতি।
ভাগে ভাগে কহিয়োক শুনু কৰ্ণ পাতি॥
দামোদৰে বোলে আবে শুনা ৰামৰায়।
মথা নামে ৰস এক জানিবা নিশ্চয়॥
মথানক বোলে বিন্দু অমৃত উথয়।
বিন্দু সমে ৰক্ত আসি একত্ৰ মিলয়॥