পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা।


যিটো কথা কৰ্ণৰ গোচৰে নাহি শুনি।
আমাৰ আগত তাক কহিয়ো আপুনি॥
দামোদৰ বদতি যে শুনিয়ো শঙ্কৰ।
ৰামৰায় আদি যত শুন নিৰন্তৰ॥
এহি আঠ যুগ জানা ভৈল যেন মতে।
আদি দেব ব্যক্ত কথা শুনা এক চিত্তে॥
শব্দ ব্ৰহ্ম আপুনি আকাৰ নিৰাকাৰ।
পুণৰূপি বাজ ভৈলা আদি যে ঈশ্বৰ॥
বাজ হৈয়া আদি দেবে চক্ষু মেলি চালা।
বসিবাৰ আসনক সুবৰ্ণৰ পালা॥
মনে মনে গুনি পাচে মায়াক স্ৰজিলা।
যোগবলে ধ্যান কৰি শূণ্যতে বসিলা॥
যোগবলে পক্ষী যেন ওপৰে উৰাই।
সেহি মতে পূণ্য যেবে শূণ্যতে ঘুৰাই॥
যোগী যেন ধ্যানে থাকি চেতন নাপাই।
সেহি মতে যোগ ধৰি চিত্তত সদাই॥
মায়াবলে নিৰ্ম্মিলা সমস্ত ভূতগণ।
তাতে প্ৰবেশিলা অন্তৰ্য্যামী নাৰায়ণ॥
পাঞ্চ ভূত এক কৰি পাতিলন্ত খেলা।
শুনিয়ো ব্ৰহ্মাণ্ড খন শূণ্যতে থাপিলা॥
তিনি গুণে তিনি জৰি তলত পাৰিলা।
শুক্ল বিন্দু চাং কৰি ওপৰে থাপিলা॥
সূৰ্য্যৰ ওপৰে পাচে মেণ্ডুকি বসালা।
তাহাৰ ওপৰে যেবে কৈলাশ থাপিলা॥