পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা


তেজে সঞ্চৰূপ বাঢ়ে জানিবা নিশ্চয়।
দুগ্ধ জলে ৰস এক শুনা মহাশয়॥
চাৰিৰো মাজত শব্দ সঘনে উথয়।
আকে পাঞ্চতত্ব বোলে চেদিলো সংশয়॥
আকে পাঞ্চভূত বুলি পুনঃ অংশে ভৈলা॥
জল স্থল নাহি প্ৰভু শূণ্যে থাপি থৈলা॥
আপুনাৰ মুখে পাচে শব্দ উচ্চাৰিলা।
ওঙ্কাৰ টুঙ্কাৰ হুঙ্কাৰ নাম থৈলা॥
স্ৰজন পালন সংসাৰণ যেৱে কৈলা।
এহি তিনি নামে তিনি গুণ আসি ভৈলা॥
স্বত্ত্ব গুণে নিজ নাম ভক্তি মাজে নিলা।
শবদ স্বৰূপে প্ৰভু গাৱে গাৱে দিলা॥
ঘৰে ঘৰে ব্ৰহ্ম নাম প্ৰচাৰ কৰিলা।
কৌটিকৰ মাজত এটী বুজি পাইলা॥
পঞ্চ যে একত্ৰ হৈয়া মেণ্ডুকি হইছে।
পাঞ্চ যে একত্ৰ হৈয়া সৰ্প হৈ আছে॥
পঞ্চ যে একত্ৰ হৈয়া দ্বিগজ বহিছে।
একে পাঞ্চ পৰ্ব্বত সবাতে ধৰি আছে॥
এহি বাৰ জন ভক্ত সচংঙতে আছে।
তিনি তিনি জনে সঙ্গ কৰিলন্ত পাচে॥
মেণ্ডুকি কাশ্যপ শল্য সঙ্গ কৰিলন্ত।
অনন্ত দ্বিগজ গিৰি সঙ্গ যে ভেলন্ত॥
স্বত্ত্ব গুণে ভক্ত ৰজ গুণে পাৰিষদ।
তমোগুণে যোগী আক জানিবা আনন্দ॥