পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৫)

গুৰুক লগ পায়। আৰু ৰজাৰ প্ৰাৰ্থনা গুৰুক জনায়। গুৰুৱে ৰংমনেৰে সন্মত হোৱাত গুৰুক ৰজাৰ নগৰলৈ লৈ গল। গুৰু গৈ পালত ৰজাই গুৰুক যথেষ্ট সম্মান কৰি তেওঁৰ ৰাজ্যত থাকিবলৈ কলে। ৰজাই গুৰুক থাকিবৰ নিমিত্তে ঘৰুৱা চাপত সত্ৰ কৰাই দিলে। সেই সত্ৰৰে নাম শেষত গৈ বৈকুণ্ঠপুৰ হয়। পৰম সাধুৰূপী গুৰুদেৱ পৰীক্ষিতৰ ৰাজ্য এৰাৰ পিচত তেওঁৰ ৰাজ্যত ভূমিকম্প আদি বহুত দৈৰীক অঘটন ঘটনা ঘটে; আৰু ১৫১৮ শকত লক্ষ্মীনাৰায়ণ ৰজাই দিল্লীৰ সম্ৰাট আকবৰত শৰণাগত হোৱাত, আকবৰৰ সেনাই যুঁজত জিনি পৰীক্ষিতক বন্দিকৈ নিয়ে। তেতিয়াৰ পৰাই পৰীক্ষিত ৰাজ্য মোগলৰ খাচ দখললৈ যায়।

গুৰুৰ বৈকুণ্ঠ প্ৰয়ান।

⸺¤¤¤⸺

বেহাৰত গুৰুদেৱ সাত বছৰ আহিল। ইয়াত থাকোতে এদিন গুৰুৱে শুনিবলৈ পালে যে, গুৰুৰ ভতিজাক কৃষ্ণচাৰ্য্যে পাটবাউসীত তেওঁক ভাগৱতী নাপাতি ভট্ট দেৱক পতা বাবে, তেওঁ মাজে সময়ে ভট্টদেৱৰ লগত কাজিয়া কৰে। এই বাতৰি পাই গুৰুৱে শিষ্যবিলাকৰ