পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

ধৰে আৰু বলভদ্ৰৰ আৰু শ্ৰীকৃষ্ণৰূপে দুই অংশ হৈ জন্ম ধৰে বুলি শাস্ত্ৰত লিখা আছে; সেইদৰে শঙ্কৰ দেৱ আৰু দামোদৰদেৱো একেটা ঈশ্বৰেই অংশ কলা- ৰূপে দুই অংশ হৈ দুই ঠাইত জন্ম লৈ মাক বাপে- কক মোক্ষ দিয়ে বুলি তেখেতে উল্লেখ কৰিছে। আৰু শেষত তেওঁ এইদৰে তাৰ প্ৰমাণ দিছে:—

সঞ্জাত নকৰা যদি আমাৰ বচন।
বিচাৰি চাহিয়ো তেৱে নাৰদী পুৰাণ।৷

 আকৌ কৃষ্ণদাস দ্বিজে লিখা সন্ত চৰিত্ৰত এই বিবৰণটো এনেদৰে দিছে যে, দ্বাপৰৰ শেষত শ্ৰীকৃষ্ণই উদ্ধব আদি ভক্তসকলক যি নব বিধ ভক্তি শিক্ষা দিছিল, সেই ভক্তি ধৰ্ম্ম মতে কলিৰ লোকনো কিদৰে চলিব লাগে তাকে দেখুৱাবৰ নিমিত্তে প্ৰভূ আহি গৌতম বংশৰ সদানন্দৰ ঘৰত জন্ম লয়হিষ গৌতম বংশত জন্মাৰ কাৰণো তেখেতে এইদৰে দিছে:—

 যেতিয়া কামান্ধ ইন্দ্ৰই, গৌতম মুনিৰ ভাৰ্য্যা অহ- ল্যাক চলকৰি হৰণ কৰে তেতিয়া গৌতমে অহল্যাক শিলা কৰি ৰাখি, নিজে নিজান গুহাত গৈ তপস্যা আৰম্ভ কৰিলে। তেওঁৰ প্ৰবল তপত তুষ্ট হৈ পঞ্চম কেতু ভগৱন্তই দেখা দি তেওঁক কি বৰ লাগে লওঁক বুলি সোধাত গৌতমে অশেষ কাকুতি মিনতি কৰি