পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩)

এনেৰে হেনো বৰ খুজিলে:— “মোৰ বংশক দেৱ ৰাজে কলঙ্কিত কৰিছে, গতিকে প্ৰভুই যদি অনুগ্ৰহ কৰে তেন্তে মোৰ বংশত জন্ম লৈ মোৰ কুলক উদ্ধাৰ কৰিব লাগে।” সেই কথাত প্ৰভু সম্মত হয়।

গৌতমস্য ঋষেঃ সাধ্বী তপস্যা তুষ্টা কেশৱ।
তৎকুলে জন্মাৰ্থং বৈ কৰং চ দত্তধান প্ৰভু॥

(ভবিষ্যৎ পুৰাণ)

 সেই কথা মতেই কলি কালত গৌতম বংশত সদানন্দৰ ঘৰত প্ৰভুই জন্ম গ্ৰহন কৰেহি।

 আকৌ কৃষ্ণদাসে অন এঠাইত এনেদৰে লেখিছে যে, এদিন মহাদেৱ পাৰ্ব্বতীয়ে কৈলাসত বহি কথা পাতি থাকোতে পাৰ্ব্বতীয়ে শঙ্কৰক সুধিলে, “প্ৰভু! কলি কালত মানুহবিলাক মহা পাপী হব; মানুহ বিলাকেনো সদ্গতি পাব কেনেকৈ? তেতিয়া মহাদেৱ দ্বাৰকাৰপৰা শ্ৰীকৃষ্ণক মাতি আনি আলোচনা কৰি এনে দৰে মিমাংসা কৰে যে, তেওঁলোকে কলিত শঙ্কৰ, দামোদৰ প্ৰভৃতি নাম ধৰি জন্ম লৈ লোকক উদ্ধাৰৰ বাট দেখুৱাব। সেইমতে মহাদেৱ শঙ্কৰ নামে, কৃষ্ণ দামোদৰ নামে, হৰি (বলোভদ্ৰ) হৰিদেৱ নামে, ব্যাসে ভট্টদেৱ নামে, পুণ্ডুকৈ মাধবদেৱ নামে আৰু আন আন ভক্তলোকসকল আন আন দেৱতাৰ অংশে জন্ম ধৰে৷