পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কৃষ্ণায় নমঃ।

দামোদৰ দেৱৰ চমু জীৱনী।

গুৰুৰ বংশ পৰিচয়।

 পৃথিবীত বিমানবোৰ মহাপুৰুষ উপজিছে, সকলোৰে জন্মৰ পূৰ্ব্ববিৰৰণত যেনেকুৱা কিছুমান ঐশ্বৰিক কাণ্ড দেখা যায়, মহাপুৰুষ দামোদৰ দেৱৰ জন্মৰ পুৰ্ব্ববিবৰণতো তেনেকুৱা কথা বহুতো আছে; যাক জীৱনী পঢ়োতা মাত্ৰেই জানে।

 ৰামৰায় দ্বিজে লিখা গুৰু লীলাত আছে, বাসুদেৱ আৰু দৈৱকীয়ে হেনো কৃষ্ণক পুত্ৰজ্ঞান কৰা বাবে সেই জন্মত সদ্গতি নহল। সেই কাৰণে প্ৰভুয়ে তেওঁ লোকৰ ঘৰত আকৌ এবাৰ পুত্ৰৰূপে জন্মি, মোক্ষ দিম বুলি প্ৰতিজ্ঞা কৰিছিল। সেই কাৰণে শ্ৰীকৃষ্ণ আহি শঙ্কৰদেৱৰূপে বাসুদেৱ আৰু দৈবকীৰূপী কুসুম্বৰ আৰু সত্যসন্ধাৰ ঘৰত আৰু বলভদ্ৰ আহু দামোদৰ দেৱ ৰূপে বাসুদেৱ আৰু ৰোহিনী ৰূপী সদানন্দ আৰু সুশীলাৰ ঘৰত জন্ম লয়হি। এক ঈশ্বৰ যেনেকৈ ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন ৰূপে চাৰি অংশ হৈ জন্ম