পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৸৹


মৰ্দন” কৰি দেশত পুনৰ সুনীতি আৰু সুআচাৰ প্ৰবৰ্ত্তাইছিল, যি ধৰ্ম্ম প্ৰচাৰৰ ফলত আমি সভ্য সমাজত মুখ দেখুৱাব পৰা হৈছোঁ,ৰজাৰ নিগ্ৰহ সমাজৰ দ্বেষ আৰু অইন অইন নানা বাধা বিবিনী অতিক্ৰম কৰি যিসকল মহাত্মাই বৈষ্ণৱ ধৰ্ম্ম প্ৰকাশ কৰে, যাৰদ্বাৰা নিয়োজিত হৈ ব্ৰাহ্মণ-শূদ্ৰ আচাৰ্য্য সকলে ভিন ভিন ঠাইত বৈষ্ণৱ ধৰ্ম্ম সকল পাতে আৰু কালক্ৰমত সেই আচাৰ্য্য সকলৰ পৰাই নানা সত্ৰ বাঢ়ে আৰু উজনীৰপৰা ভাঠিৰ কোচবেহাৰলৈ তেওঁলোকৰ প্ৰচাৰিত ধৰ্ম্ম, সকলো বৰ্ণৰ লোকৰ মাজত প্ৰচলিত হয়। যি দুজন মহাত্মাৰ প্ৰসাদত এসময়ত যবন, ভোট গাৰো, মিৰিয়েও হৰি নাম ধৰ্ম্ম পাই শুদ্ধ হব পাৰি- ছিল; যি দুই গুৰু শঙ্কৰদেৱ আৰু দামোদৰ দেৱক সকলে। জাতৰ লোকেই এক বাক্যে ঈশ্বৰ অৱতাৰ মানিছিল; সেই অসাধাৰণ ধৰ্ম্ম বীৰ দুজনৰ ভিতৰত অসমীয়া জাতিৰ গৌৰৱৰ সূৰ্য্য গৌতমকুল তিলক মহা- পুৰুষ দামোদৰ দেৱৰ বিষয় এই পুথিত আলোচনা কৰিলোঁ। এই মহাত্মাৰ দ্বাৰা প্ৰতিষ্ঠিত সম্প্ৰদায়ৰ লোকসকলে তেখেতসকলৰ গুৰুদেৱৰ বিষয়ে যিবোৰ জীৱন চৰিত লেখি থৈ গৈছে, সেইবোৰৰ ছায়াঁলৈ এই জীৱণ চৰিত খনি লিখা হল।