পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি।

 যেতিয়া তান্ত্ৰিকবিলাকে তন্ত্ৰৰ আচল সাৰ মৰ্ম্ম নাপাই পশুহিংসা সুৰাপান আদি ব্যাভিচাৰ কাম কৰি সমাজ কলুষিত কৰি তুলিছিল; যেতিয়া বৌদ্ধ, যৱন আৰু তান্ত্ৰিকসকলৰ অত্যাচাৰত ভাৰতৰপৰা পৱিত্ৰ হিন্দু ধৰ্মৰ ভাব প্ৰায় লোপ হব লগীয়া হৈছিল; নানা দেব- দেবীৰ পূজা সেৱা চলিবলৈ ধৰিছিল; ঠায়ে ঠায়ে হাঁহ, ছাগলী, পাৰ, ম'হ আদিৰ কথাই নাই নৰবলি প্ৰভৃতি নৃশংস কামবিলাকো চলিবলৈ ধৰিছিল; ৰজাইও শক্তি ভক্তিৰ ওখ সীমাত থিয় হৈ তান্ত্ৰিক মতত বাজে অইন মতত মত দিওঁতাক অশেষ লাঞ্ছনা দি স্বৰ্গতুল্য অসমক নৰকত পৰিণত কৰি তুলিছিল, সেই সময়ত ঠেৰেঙ্গা লগা অসমত শীতৰ পিচত নানা সাজ পাৰ পিন্ধি বসন্ত কাল অহাদি অনেক দিন কলুষিত হৈ থকা অসমত আকৌ বসন্ত কাল দেখা দিলে। শংকৰ দেৱ, দামোদৰদেৱ, মাধবদেৱ, হৰিদেৱ প্ৰভৃতি সুগন্ধি ফুল ফুলিল। ধৰ্ম্ম শাস্ত্ৰ মলয়াই তাৰ গোন্ধ চাৰিও ফালে বিয়পাই দিলে।

 যি ধৰ্মৰ এসময়ত অসম-কামৰূপৰ মানুহক নৈতিক অধঃপতনৰ পৰা ৰক্ষা কৰিছিল, যি ধৰ্ম প্ৰচাৰি ‘‘পাষণ্ড