পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এইদৰে দুয়ো দলৰ তৰ্কাতৰ্কি হুই দুয়ো দলৰ হতাহতি হবৰ উপক্ৰম হল। কেৱলীয়া হল তিনিজন। তেওঁ লোকৰ লগতে বৰাগী দুজনো মিল হল ! সিফাল অকল বামাচাৰী আৰু নাগা দুজন।
       হৰদত্ত অনুনয় বিনয় কৰাতো উভয় পক্ষৰে ভাগ্যে মাৰা মাৰি নহল হৰদত্তে কেৱলীয়া তিনিজনক নিজৰ চৰাঘৰলৈ আনি তাতে ঠাই দিলে। তাৰ পিছত চৌধাৰীয়ে নিশা খাই বই উঠি আকৌ এবাৰ বামাচাৰী তান্ত্ৰিকজনৰ ওচৰলৈ আহি এই দৰে কথা বতৰা হল :—
       হৰদত্ত—“‘বাবা ! তেন্তে আমাৰ হিন্দুৰ উঠিবৰ আৰু কোনো উপায় নাইনে ? আহোমৰ এই বৰফুকনটোৰ অন্যায় উৎপীড়ন অধৰম অাৰু সহিব নোৱাৰাত পৰিলো। ৰজালৈ জনাই পঠালে ৰজাইও কাণ নকৰে।”
       বামছাৰী –“বাবা ! উপায় আছে। মই দিব্য চকুৰে দেখিছো। তহঁতৰ আহোমৰ পতন আনিবাৰ্য্য। কি জানি মা কালীয়ে তোৰ হতুৱাই কামৰূপত হিন্দু ৰাজত্ব স্থাপন কৰাব পাৰে।”
       হৰদত্ত—“বাবা ! আপুনি এইটো সঠিক কইছেনে ?
       বামাচাৰী—“বাধা ! মই কেতিয়াও মিছা নকওঁ। মই ধ্যানত পাইছোঁ।। মোক মা কামাখ্যাই কৈছে।”
       হৰদত্ত—“বাবা। মইনো এতিয়া তেন্তে কি কৰা উচিত ?”