পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


       বামাচাৰী—“বাবা ! এক কাম কৰ। তই প্ৰথমে এমাহমান নিজান ঠাইত গৈ পুৰঃসৰণ কৰ। তাৰ পিচত তহঁতৰ দেশৰ এটাইবিলাক বৰুৱা-চৌধাৰীক এইবাৰ দুৰ্গোৎসৱকে উপলক্ষ কৰি গোট খুৱাই মেল পাতি বৰফুকনৰ কৰ-কাটল নিদিবলৈ—তাৰ পিচত লাগে যদি— তাৰে সৈতে ৰণ কৰিবলৈ স্থিৰ কৰ। পাৰিলে দৰঙ্গ বিজনী, কোচবিহাৰ এই তিনি ৰিজাৰো সহায় ল। তেতিয়ায় আহোম খেদা খাব। কামৰূপত হিন্দু ৰাজ্য স্থাপিত হব।”
       হৰদত্ত—“বাবা ! তেন্তে মই পৰহি মানেই মদন কামদেৱলৈ গই তাতে এমাহ পুৰশ্চৰণ কৰিম। সেই ঠাই নিজান অথচ মনোৰম ! বাবা ! আপুনিও মোৰ লগত যাব লাগিব আৰু মোৰ কৰ্ম্ম দ্ৰষ্টা হ’ব।
       বামাচাৰি —“কোনো কথা নাই, বাৰু মই যাম। তাতে তোক পুৰশ্চৰণ কৰাম। তই এমাহৰ খাব-ববৰ যোগাৰ লবি, পূজাৰ নিমিত্তে সেই কলহ মান কাৰণো লব।”
       হৰদত্ত – “ভাল বাবা !” সেই দৰে " কৰিম। এই দৰে কথা-বতৰা হৈ স্থিৰ কৰি হৰদত্ত। চৌধাৰী ঘৰলৈ উলটী অাহি নিশাটো শুলে।

________