পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিবেচনাৰে হলে আমি এটাইবিলাকে গোট-পিট খাই বৰফুকনৰ বিৰুদ্ধে উঠা উচিত।” বক্তমল বুজৰবৰুৱা-— “বাপা বীৰদত্ত। তয়ে বৰফুকনৰ হাতীটো খুচিছিলি নে?”
      বীৰদত্ত। হয়ে ! ময়ে খুচিছিলোঁ। কিন্তু হাতী খোচাৰ
লগে লগে যদি তাৰ পাষণ্ড পুতেক দুটাকো খুচিবলৈ পালোহেতেন, তেন্তে মোৰ হেপাহ মিটিলহেতেন। বৰফুকনৰ তেজেৰে এই মৃত লৰা-ছোৱালী কেইটাৰ তৰ্পণ কৰিব নেপাওঁ মানে মোৰ জীৱনত আৰু শান্তি নাই।
      বক্তমল বুজৰবৰুৱা —“বাপা বীৰদত !” অস্থিৰ
নহবিচোন। মই তাহানিখন ডেকা কালতে উজনীলৈ গৈ অহোমৰ বল বিক্ৰম সমস্ত দেখি আহিছোঁ। আমাৰ কি সাধ্য যে অহোমৰ লগত ৰণ কৰোঁ।”
      হৰদত্ত—“বাপ ! আপুনি যি সময়ত দেখেছিল। সেই সময়ত আহোম শক্তিশালি আছিল।। কিন্তু বৰ্ত্তমানে আহোমৰ বল ক’ত ? বল থকা হলে উজনীত সেই চাইটা মোৱামৰীয়াৰ বিদ্ৰোহতে ৰাধাৰুক্মিনী বোলা সেই তিৰোতাদুজনীৰ প্ৰতাপতে ৰজানো সিংহাসন এৰি পলালহেতেন নে ? যিকি নহওঁক অমিতো ৰজাৰ বিৰুদ্ধে নুঠোঁ। আমাৰ ইচ্ছা এই স্বেচ্ছাচাৰী বৰফুকনটোক এসেকা দিওঁ, আমি যদি সকলোবিলাক কামৰূপীয়া লগ লাগোঁ তেন্তে
একে তিলিকতে পাষণ্ড বৰফুকনৰ শৰাধ কৰিব পাৰোঁ।
      বক্তমল বুজৰবৰুৱা—বাপা! লগ লাগি কাম কৰিব