পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলাখাৰ দিলে। আমাৰ কামৰূপীয়াৰ জীৱনত ধিক্। বাপ সকলে কওক এতিয়া কি কৰা উচিত। এই নিৰপৰাধি লৰা-ছোৱালী কেইটা যে মৰিল সেই সকলৰ পিতৃ মাতৃকনো আমি কি বুলি সান্তনা দিম?” বৰনগৰীয়া বুজৰবৰুৱা :—“বাপা হৰদত্ত! আমিনো কি কৰিম, কি কৰিব পাৰোঁ। সকলো আমাৰ কপালেই কৰিছে কপালকে ধিয়াই বহি থকাই ভাল।
       বীৰদত্ত :—“কপালকে ধিয়াই মনে মনে থকাটো কাপুৰুষৰ হে কাম! কামৰূপত আমি অতবিলাক ৰাইজ আছোঁ। আপনালোকৰ নিচিনা ক্ষমতাশালী শক্তিসম্পন্ন লোকো আছে। আমাৰ কায়স্থ আৰু কলিতা সকলৰ গাত আগৰ ক্ষত্ৰিয়ৰ তেজ এফেৰা নোহোৱা হলনে যে আমি ইমান অত্যাচাৰী বৰফুকনৰ এনেকুৱা পৈশাচিক কাণ্ড আৰু অত্যাচাৰ সহি থাকিম। আমাৰ কামৰূপীয়া মানুহ এনেকুৱা নিৰ্জীৱ হলোনে যে ইয়াৰ প্ৰতিকাৰ কৰিব নোৱাৰো।
সি আহোমে পাহৰিলে যে কামৰূপীয়া মানুহৰ বল, বুদ্ধি, ধৈৰ্য্য আৰু বীৰত্বৰ সহায়তে তাৰ উপৰিজনা বৰফুকনে মোগলকো জয় কৰি ছিল। আন একো নহলেও, মই বীৰদত্তে এই পাষণ্ড বৰফুকনটোৱে সৈতে হতাহতি বা তৰোৱালে তৰোৱালে ৰণ কৰিব পোৱা হলে সি বুজিলে হেতেন কামৰূপীয়াৰ গাত বল আছে নে নাই। কামৰূপীয়াৰ তৰোৱালৰ কোব কিমান চোকা। বাপসকল! মোৰ