পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰা হলেনো আমাৰ এনে দুৰ্দশা হয়েনে? আমাৰ হিন্দুৰ মত একেটা কেতিয়াবা হবনে? কেতিয়াও নহয়। সেই দেখি আমাৰ আহোমৰ বৰফুকনৰ লগত ৰণ কৰিবলৈ ওলোৱা মানে জুইত জাপ দি মৰা কথাহে। ”
      বীৰদত্ত:—“তেন্তে এনেটো পাশবিক অত্যাচাৰৰ কোনো প্ৰতিকাৰেই নহবনে? বৰ নগৰীয়া বুজৰ-বৰুৱা:— ‘বাপা! মোৰ বিবেচনাৰে হলে আমি ভিতৰি বুঢ়াগোঁহাই আৰু ৰজালৈ বৰফুকনৰ এই অত্যাচাৰ বিলাক জনাই পঠাওঁ আৰু ইয়াৰ যি বিহিত প্ৰতিকাৰ হব পাৰে তাৰ প্ৰাৰ্থনা জনাওঁ। ” বীৰদত্ত:— “চিৰকালেই আপোনা সকলে
প্ৰাৰ্থনা জনায়ে আছে। তাৰ জানো কিবা ফল হৈছে? তাহানিখনেই আমাৰ চাঁদকুচীয়াই ৰংপুৰতে থাকি কোনোৰকমে বৰফুকনে ভেটী খাই আনক দিব খোজা কৌটীকলীয়া বিষয়খান ৰক্ষা কৰিলে, কিন্তু তাৰ ফলত এয়ে হৈছে যে সেই কালৰে পৰা আমাৰ কামৰূপীয়াৰ ওপৰত বৰফুকনৰ
অন্যায় অত্যাচাৰ বৰ বেচিকৈ হৈছে। ৰজাঘৰলৈ বাতৰি পঠিয়াই প্ৰাৰ্থনা কৰি পঠালে ফল হয়, যে ৰজাঘৰে আগেয়ে বৰফুকনকে সুধি পঠায়; বৰফুকনে আমাক অবিশ্বাসী মিছলীয়া ইত্যাদিৰূপে গালি পাৰি ৰজালৈ এহাতে কৈফিয়ত পঠায় আনহাতে আকৌ উলটি আমাকেই শাস্তি কৰে—
অন্যায় উৎপীড়ন আৰু দুগুণ বঢ়াকৈ কৰে। এনেস্থলত মিছাই খৰচ ভগন কৰি ৰংপুৰলৈ মানুহ পঠাই প্ৰতিকাৰ