পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

82 শেষ হ’ল কত কাল তাৰ পিছে আজি আশ্ৰমত তুমি সন্ন্যাসিনী (মই) লক্ষ্যহাৰা লক্ষ ভ্ৰষ্ট বাতুল স্বৰূপ জ্ঞান গৰ্ব্ব অতীত কাহিনী। অলপ শান্ত্বন৷ পাওঁ শুনো যদি তুমি ধৰ্ম্ম চৰ্চ্চি সুখে আছা বুলি। তুমি সুখী হ'লে সুখী, ময়ো সুখী হওঁ নাই আন কামনা সমূলি। ( তুমি ) জগতৰ সৌন্দৰ্য্যৰ সাৰ বস্তু যেন ধনে মানে বৈভৱে অতুল, নিচল৷ দৰিদ্ৰ এই পণ্ডিতৰ প্ৰতি কিয় এনে আসক্তি ব্যাকুল। কত ৰজ ৰাজপুত্ৰ তোমাৰ কাৰণে এতিয়াও প্ৰেমে দিশাহাৰা পাহৰা অভাগাক অতীতৰ স্মৃতি আঁতৰোৱা হৃদয়ৰপৰা। পোহৰোৱা দেৱকন্য। গুণে অতুলনা ভাগ্যৱান ধনীৰ প্ৰাসাদ। পোহৰোৱা পিতৃকুল বঢ়াই সন্মান ভোগ কৰা প্ৰাণৰ সোৱাদ। তীৰ্থ-যাত্ৰী