পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ-যাত্ৰী দেখা পালে। অকস্মাত পঢ়োঁতে পঢ়োতে উচুপি উঠিল৷ তুমি কান্দি, মুগ্ধ হ’ল হিয়া মোৰ ব্যাকুল তৰাসে ধৰিলে৷ তোশক আকোঁৱালি। ভাগি গ'ল, উটি গ'ল শিষ্যৰ বান্ধোন প্ৰেমে কৰে সকলোকে জয়, সিদিনাৰপৰা মোৰ নতুন জগত সিদিনাই শেষ মৃত্যু ভয়। গভীৰ কৰ্ত্তব্য জ্ঞান কেনিবা পলাল প্ৰাণত বাজিল প্ৰেম বাঁহী নতুন বসন্ত হ’ল উদয় প্ৰাণত তোমাৰ প্ৰেমত গলো ভাঁহি। তাৰ পিছে অজানিতে কেনেবাকে প্ৰিয়ে ব্যক্ত হ’ল এই সমাচাৰ পৱিত্ৰ নিৰ্দ্দোষ এই প্ৰেমৰ কাহিনী ে বুজ পালে পিতাৰে তোমাৰ। সিদিনাই অন্ত হ’ল সুখৰ জীৱন কিয় প্ৰাণ নগ'ল সিদিনা? ধৰি নি তোমাক হায় নিঠুৰ ভাৱেৰে বন্দিনী কৰিলে প্ৰিয়তমা | 85